• মঙ্গলবার, ১৫ সেপ্টেম্বর ২০২৬, ০২:০১ অপরাহ্ন
  • [gtranslate]
শিরোনামঃ
জগন্নাথপুরে প্রবাসী স্বামীর সঙ্গে ফোনে ঝগড়ার পর গৃহবধূর মৃ/ত্যু: ঘরে মিলল ঝু/ল/ন্ত দে/হ, ম/র্গে পাঠাল পুলিশ কমলগঞ্জে ধলাই নদীতে টমটম ডুবি: নিখোঁজের ৩০ ঘণ্টা পর ভানুগাছ রেল ব্রিজের কাছ থেকে চালক প্রীতমের লা/শ উদ্ধার অসহায় ও দুস্থদের মাঝে খাবার বিতরণ করলেন ক্যানসার গবেষক ড. এসএম সরওয়ার: মানবিক উদ্যোগে ময়মনসিংহ মেডিকেলে ভয়াবহ অগ্নিকাণ্ড: রোগী বাঁচাতে গিয়ে ৭ আনসার সদস্য গুরুতর আহত, আইসিইউ ও সিসিইউতে ২ জন ডাকসু সংগ্রহশালায় জিন্নাহর ছবি, টানানোর কঠোর ব্যবস্থার হুঁশিয়ারি ঢাবি প্রশাসনের, ব্রাহ্মণবাড়িয়া সরকারি কলেজের নবীনবরণ ও কনসার্ট সম্পন্ন: ব্যান্ড ‘হাইওয়ে’র গানে মাতল তরুণরা ৯ বছরের মাদ্রাসাছাত্রকে ব-লা-ৎ-কা-রে-র অভিযোগ: শিক্ষক হাফেজ রবিউল হাসান গ্রেপ্তার, প্রেমের ফাঁদে জিম্মি করে অর্থ আদায়, হানিট্র্যাপ চক্রের ৪ সদস্য গ্রেপ্তার বাঙ্গরায় ‘ডাকাত পড়েছে’ মাইকিং করে সাবেক ইউপি সদস্যকে কু-পি-য়ে-পি/টি/য়ে হ-ত্যা: পূর্ববিরোধের জেরে র-ক্ত-ক্ষ-য়ী পরিণতি ৭ ধাপে ইউনিয়ন পরিষদ নির্বাচন করতে চায় ইসি: প্রথম ধাপের ভোট ১২ নভেম্বর, জানালেন নির্বাচন কমিশনার সানাউল্লাহ

নগাঁৱত বান প্ৰস্তুতিৰ পৰ্যালোচনা: বিষয়াসকলক কঠোৰ নিৰ্দেশ জিলা আয়ুক্তৰ

Reporter Name / ৫০ Time View
Update : শুক্রবার, ১০ জুলাই, ২০২৬

নগাঁৱত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ বৈঠক: বান প্ৰতিৰোধৰ বাবে গ্ৰাউণ্ড ৰিপৰ্ট আৰু স্থায়ী সমাধানৰ কঠোৰ নিৰ্দেশ জিলা আয়ুক্তৰ

অসম ব্যুৰ’, দৈনিক জীৱনযাত্ৰা:

আগন্তুক সাম্ভাব্য বান পৰিস্থিতিৰ ফলপ্ৰসূভাৱে মুখামুখি হ’বলৈ আৰু জিলাখনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক কালি ১০ জুলাই ২০২৬ তাৰিখে অনুষ্ঠিত হৈ যায়। নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ (IAS) মহোদয়ৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই বৈঠক সম্পন্ন হয়।

আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকত ৰহা সমজিলাৰ আয়ুক্ত ড৹ অংকিতা বৰা (ACS), অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্তসকল, জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, সংশ্লিষ্ট বিভাগীয় মুৰব্বী বিষয়াসকল আৰু নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াববীয়াসকল উপস্থিত থাকে।

কেৱল টেবুলতে আৱদ্ধ নাথাকি গ্ৰাউণ্ড ৰিপৰ্ট লোৱাৰ কঠোৰ নিৰ্দেশ:

বৈঠকত জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মাই জিলাখনত বান প্ৰতিৰোধ আৰু সাহায্য বিতৰণৰ বাবে চলোৱা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যসূচীৰ বিতং খতিয়ান লয়। তেওঁ সকলো বিভাগক স্পষ্ট সকীয়নি দি কয় যে বান প্ৰতিৰোধ বা সাহায্য সম্পৰ্কীয় যিকোনো আঁচনি বা প্ৰস্তাৱ প্ৰস্তুত তথা পৰীক্ষা কৰাৰ সময়ত সকলো সংশ্লিষ্ট বিভাগৰ মাজত এক সুদৃঢ় সমন্বয় থকাটো অপৰিহাৰ্য।

কোনো প্ৰস্তাৱ চূড়ান্ত কৰাৰ পূৰ্বে বিভাগসমূহক কেৱল কাৰ্যালয়ৰ টেবুলতে আৱদ্ধ নাথাকি, নিজে বানপ্ৰৱণ বা ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ ‘ভূঁই পৰিদৰ্শন’ (Field Visit) কৰিবলৈ তেওঁ কঠোৰ নিৰ্দেশ দিয়ে। প্ৰকৃত গ্ৰাউণ্ড ৰিপৰ্ট বা বাস্তৱ পৰিস্থিতিৰ বুজ লৈহে যাতে প্ৰতিবেদন প্ৰস্তুত কৰা হয়, তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

সাময়িক ব্যৱস্থাৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ আহ্বান:

জিলা আয়ুক্তগৰাকীয়ে কেৱল সাময়িক বা অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী ধনৰ অপচয় কৰাতকৈ জনসাধাৰণে যাতে দীৰ্ঘদিন ধৰি বানৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে, তাৰ বাবে ব্যৱহাৰিক, উদ্ভাৱনীমূলক আৰু প্ৰয়োজন-ভিত্তিক স্থায়ী সমাধানৰ পথ বাছি ল’বলৈ সকলো বিভাগীয় বিষয়াক উৎসাহিত কৰে। বানৰ ফলত হ’ব পৰা ক্ষয়ক্ষতি হ্ৰাস কৰিবলৈ মথাউৰি সুৰক্ষা, মথাউৰি নিৰ্মাণ আৰু আশ্ৰয় শিবিৰৰ প্ৰস্তুতিৰ কামসমূহ সময়মতে সম্পূৰ্ণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। সাম্ভাব্য বানৰ সময়ত যাতে উদ্ধাৰকাৰ্য আৰু সাহায্য সৰবৰাহ ক্ষিপ্ৰতাৰে কৰিব পৰা যায়, তাৰ বাবে আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীক সষ্টম হৈ থাকিবলৈ বৈঠকে আহ্বান জনায়।

 

এস এম সোহাগ ফরাজী

 


আপনার মতামত লিখুন :

Leave a Reply

Your email address will not be published. Required fields are marked *

More News Of This Category
bdit.com.bd